![]()
নিউজ ডেস্কঃ
এগৰাকী গণধর্ষিতাক অপহৰণ কৰি, তেওঁৰ চুলি কাটি, মুখত কাজল সানি ৰাজপথত ঘূৰোৱাৰ অভিযোগ উঠিল এদল মহিলাৰ বিৰুদ্ধে। লগতে প্ৰকাশ কৰে আদিম উল্লাস। খোদ ৰাজধানী দিল্লীতে সংঘটিত এই ঘটনাত অবাক হৈ পৰিছে বহুতেই।
ঘটনাটি দিল্লীৰ কস্তুৰবা নগৰৰ। অভিযোগ, ২০ বছৰীয়া যুৱতীগৰাকী গণধর্ষণিতা হয় কেইবাজনো বেআইনীভাবে মদ বিক্রেতাৰ হাতত। উক্ত যুৱতী গৰাকীকেই আকৌ এজন যুৱকৰ মৃত্যুৰ বাবে দোষী সাব্যস্ত কৰি তেওঁৰ ওপৰত আক্ৰমণ চলায় মহিলাসকলে। তেওঁৰ মূৰ খুৰাই, ডিঙিত জোতাৰ মালা পিন্ধাই, মুখত কাজল সানি ৰাজপথত ঘূৰোৱাৰ অভিযোগ উঠে মহিলাসকলৰ বিৰুদ্ধে।
দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱালে এই ঘটনাক গৰিহণা দি টুইট কৰে, ‘অত্যন্ত লজ্জাজনক ঘটনা। অপৰাধীয়ে ইমান সাহস ক’ৰ পৰা পালে? কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু লেফটেনেন্ট গভর্নৰ অনিল বাইজলক অনুৰোধ জনাইছো, আৰক্ষীক এই বিষয়ত কঠোৰ পদক্ষেপ গ্ৰহণৰ নির্দেশ দিয়ক। দিল্লীবাসীয়ে এনে ধৰণৰ ঘৃণনীয় কাম আৰু অপৰাধক কেতিয়াও সহ্য নকৰে।’












