![]()
নিউজ ডেস্কঃ
যোৱা ৮ জানুৱাৰীত কৰোনা আক্রান্ত হৈ মুম্বাইৰ ব্রিচ কেন্ডি হস্পিটেলত ভর্তি হৈছিল কিংবদন্তি সঙ্গীতশিল্পী লতা মঙ্গেশকাৰ। এই পর্যন্ত তেওঁ চিকিৎসাধীন। অৱশ্যে সাময়িকভাবে বৃহস্পতিবাৰে তেওঁক ভেন্টিলেচনৰ পৰা উলিয়াই দিয়া হয়। ভেন্টিলেচন ছাপোর্ট অবিহনে গায়িকাগৰাকী কেনে আছে, সেয়া পৰীক্ষা কৰাৰ বাবেই ভেন্টিলেচনৰ পৰা উলিওৱাৰ পৰামর্শ দিছে চিকিৎসকসকলে।
চিকিৎসক ডাঃ প্রতীত ছামদানিৰ তত্ত্বাৱধানত চিকিৎসা চলিছে লতা মঙ্গেশকাৰৰ। তেওঁ গায়িকাগৰাকীৰ পৰিয়ালক জনোৱা মতে, সম্প্ৰতি সুস্থিৰ তেওঁৰ অৱস্থা। চিকিৎসাত ভালদৰে সঁহাৰি দিছে। তেওঁৰ স্বাস্থ্যৰো উন্নতি হৈছে। বৰ্তমান আইচিইউতেই ৰখা হ’ব তেওঁক।












