![]()
নিউজ ডেস্কঃ
অৱশেষত বৃহস্পতিবাৰে অৰুণাচল প্রদেশৰ নিখোঁজ কিশোৰক মুক্তি দিলে চীনে ।এদিন পূৰ্বেই অৱশ্যে বেইজিং মহলে ইঙ্গিত দিছিল, কিশোৰজনক ভাৰতৰ হাতত গতাই দিয়া হ’ব। আজি কেন্দ্রীয় আইন মন্ত্রী কিৰেন ৰিজিজুই টুইট কৰি খবৰটো জনাইছে। তেওঁ টুইটত কয়, ‘অৰুণাচল প্রদেশৰ কিশোৰজনক ভাৰতীয় সেনাৰ হাতত তুলি দিছে চীনা সেনাই। সম্প্ৰতি দুই দেশৰ সেনাৰ মাজত কিছু আইনী প্রক্রিয়া চলিছে। নিখোঁজ কিশোৰজনৰ স্বাস্থ্য পৰীক্ষাও হ’ব।’













