![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : এগৰাকী নেতা ৷ নেতাগৰাকী জনগোষ্ঠীটোৰ ইমানেই প্ৰিয় আছিল যে, তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত জনগোষ্ঠীটোৰ বুকুৰ আপোন জাতীয় উৎসৱটি সকলোৱে পৰিহাৰ কৰি প্ৰয়াত নেতাগৰাকীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান পাতি অশ্ৰুসিক্ত নয়নেৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে শুভাকাংখীসকলে ৷ ‘বিছু ডিমা’ ডিমাছাসকলৰ জাতীয় উৎসৱ ৷ প্ৰতি বছৰৰ ২৭ ডিচেম্বৰত উলহ মালহেৰে এই কৃষি ভিত্তিক উৎসৱটি পালন কৰি অহা হৈছে ৷ উৎসৱটি আৰম্ভ হোৱাৰ কিছুদিন পূৰ্বৰে পৰা এক উৎসৱ মূখৰ পৰিৱেশ বিৰাজ কৰে কাৰবি আংলং জিলাৰ ডিমাছা অধ্যুসিত অঞ্চল ধনশিৰিত ৷ কৃষি ভিত্তিক এই হেপাঁহৰ উৎসৱটিত পৰম্পৰাগত ৰীতি-নীতি সমাপন কৰি নৃত্য-গীতৰ মাজেৰে উছৱৰ আনন্দ লোৱা হয়। গাঁওবাসীয়ে লগে-ভাগে এসাজ খোৱাৰ নিয়ম এই উছৱত।
প্ৰতি বছৰৰ ২৭ জানুৱাৰীত জনগোষ্ঠীটোৱে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি এই উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে যদিও এইবাৰ কাৰ্বি আংলঙৰ ধনশিৰি অঞ্চলত দেখা নগ’ল উৎসৱটিৰ আনন্দ। ইয়াৰ পৰিৱৰ্তে ধনশিৰিৰ শিৱনগৰৰ ৰাইজে শিৱনগৰৰ ৰাজহুৱা খেলপথাৰৰ দাঁতিত সমবেত হৈ গাঁওবাসীৰ লগতে অঞ্চলটোৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশেষ নেতাক। সমগ্ৰ ধনশিৰিবাসীৰে বুকুৰ কুটুম এইগৰাকী বিশেষ নেতাৰ নাম অমিত নুনিছা। বিগত বৰ্ষৰ উছৱৰ এই বিশেষ দিনটোৰ নিশাৰ কাৰ্যসূচীত অংশ লোৱা সময়তে অচিন ঘাটকৰ গুলীৰ আঘাতত অঞ্চলবাসীক কন্দুৱাই চিৰদিনলৈ আঁতৰি গৈছিল এইগৰাকী জনপ্ৰিয় নেতা। DHD-ৰ প্ৰাক্তন নেতাগৰাকীৰ সৈতে দুৰ্বৃত্তৰ গুলীত নিহত হ’ব হৈছিল স্থানীয় এগৰাকী মহিলাও।
বৃহস্পতিবাৰে উছৱৰ আনন্দ পৰিহাৰ কৰি তেওঁলোকৰ প্ৰথম মৃত্যু বাৰ্ষিকীত দুয়োকে গভীৰ শ্ৰদ্ধাঞ্জলি জনায় অঞ্চলবাসীয়ে। নেতাগৰাকীৰ প্ৰতি থকা ধনশিৰিবাসীৰ অসীম শ্ৰদ্ধা আৰু চেনেহ সকলোৰে বাবে আদৰ্শ হৈ থাকিব বুলি সচেতন মহলত চৰ্চিত হৈছে ৷











