![]()
নিউজ ডেস্কঃ
১০ জানুৱাৰীৰ পৰা দেশত আৰম্ভ হৈছে কৰোনা টীকাৰ বুষ্টাৰ পালি দিয়াৰ কাম।
এই পালি লাভ কৰিছে কো-মর্বিডিটি থকা ষাঠিঊর্ধ্বৰ ব্যক্তিসকল আৰু স্বাস্থ্যকর্মীসহ কৰোনাৰ বিৰুদ্ধে যুঁজি থকা আগশাৰীৰ কর্মচাৰীসকলে। কেন্দ্রীয় স্বাস্থ্যমন্ত্ৰালয়ে ইতিমধ্যে জনাইছে, দ্বিতীয় পালি লোৱাৰ ৯০ দিন পিছত যিকোনো বুষ্টাৰ পালি ল’ব পাৰিব। তাৰ মাজতেই আকৌ নতুন তত্ত্বৰ আগমন ঘটিছে। সকলোকে তৃতীয় পালি দিয়াৰ প্রয়োজন নাই, এনে এক নীতিৰ কথা ভাবিছে কেন্দ্রই। বিজ্ঞানী আৰু গৱেষকসকলৰ ধাৰণা, তৃতীয় পালিয়ে সকলো বয়সৰ বাবে একে ধৰণৰ কাম নকৰিবও পাৰে।
এজন চৰকাৰী বিষয়াই এই সন্দৰ্ভত কয়, ‘বুষ্টাৰ সন্দৰ্ভত পুনৰ চিন্তা-চৰ্চাৰ প্রয়োজন। পলিচিৰ বিষয়ে ভালদৰে ভাবিব লাগিব। যিবোৰ দেশত তৃতীয় পালি দিয়া হৈছে তেওঁলোকৰ কাৰোৱেই সুবিধা হোৱা নাই। তাৰ উপৰি অন্য দেশে যি কৰিছে সেয়া আমি অন্ধৰ দৰে অনুসৰণ নকৰো। আমি আমাৰ স্থানীয় মহামাৰীবিদ্যা আৰু বিজ্ঞান চাম। সেই অনুযায়ী সিদ্ধান্ত লোৱা হ’ব।’ নেচনেল টেকনিকেল এডভাইজৰী অন ইমিউনিজেচনে (NTAGI) যোৱা মঙ্গলবাৰে এই সন্দৰ্ভত এক বৈঠকত মিলিত হয়। তাত বুষ্টাৰ পালি সন্দৰ্ভত আলোচনা হয়। অতি শীঘ্ৰেই বুষ্টাৰ সন্দৰ্ভত বিবৃতি দিব বিশ্ব স্বাস্থ্য সংস্থাইও।













