![]()
মনোৰঞ্জনঃ
জুবিন গাৰ্গ তথা অংগৰাগ পাপন মহন্তৰ অনুৰাগীলৈ সুখবৰ। অতিশীঘ্ৰে দুয়োগৰাকী জনপ্ৰিয় সংগীতশিল্পীৰ যুটীয়া প্ৰচেষ্টাৰে নিৰ্মিত প্ৰকল্পক উপভোগ কৰিব পাৰিব ৰাইজে। পোনপ্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ সংগীতেৰে সঁজোৱা গীতত কণ্ঠদান কৰিব অংগৰাগ পাপন মহন্তই। লগতে, আহিবলগীয়া এই গীতটিত অভিনয় কৰিব অসমীয়া ছবি জগতৰ জনপ্ৰিয় তথা উজ্জ্বল নক্ষত্ৰ স্বৰূপ অভিনেতা তপন দাসে। গীতটিৰ নাম হৈছে “পাটীগণিত”।
আমি প্ৰায়ে জুবিন আৰু পাপনৰ যুগলবন্দীয়ে হওঁক অথবা তেওঁলোকৰ যুটীয়া প্ৰকল্প সমূহেই হওঁক, উপভোগ কৰিবলৈ অপেক্ষা কৰোঁ অথবা উৎসাহিত হৈ থাকোঁ। তেনে সময়ত, তেওঁলোকৰ পৰা লাভ কৰা সংগীতৰ এনে উপহাৰে সঁচাকৈ সংগীতপ্ৰেমী ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব। গীতটিৰ সবিশেষ বৰ্তমানেও জনোৱা হোৱা নাই যদিও “পাটীগণিত” ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে ছ’চিয়েল মিডিয়াত।













