![]()
নিউজ ডেস্কঃ
নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা এনকাউণ্টাৰ ঘটনা আজি ৰাজহুৱা শুনানি।নগাঁও আৱৰ্ত ভৱনত অতিৰিক্ত মুখ্য সচিব প্ৰৱণ বৰঠাকুৰে ৰাজহুৱা শুনানি গ্ৰহণ কৰিব।
বিয়লি ২বজা পৰা ৪বজালৈ গ্ৰহণ কৰিব ৰাজহুৱা শুনানি।গুৰুত্বপূৰ্ণ নগাঁও আৰক্ষীয়ে ড্ৰাগছৰে জড়িত থকা অভিযোগত এনকাউণ্টা কৰি বৰ্তমান চিকিৎসাধীন কৰি ৰাখিছে বৰাক।নগাঁও মহাবিদ্যালয় প্ৰাক্তন সাধাৰণ সম্পাদক বৰা গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত সু- ভৰিত গুলিবিদ্ধ হৈ চিকিৎসাধীন হৈ আছে।
আনহাতে, গুলীওৱা ঘটনা পাছতে নগাঁও আৰক্ষী বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিবাদ।জনতাৰ প্ৰতিবাদৰ পাছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ তদন্তৰ বাবে মুখ্য সচিব গৰাকীক দায়িত্ব অৰ্পণ কৰিছিল।তদন্ত প্ৰতিবেদন এসপ্তাহৰ ভিতৰত দাখিল কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জাৰি কৰিছে।













