![]()
নিউজ ডেস্কঃ
শ্ব দু্র্নীতি সূচকত ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান হ’ল ৮৫ নম্বৰত। পৰিসংখ্যা অনুযায়ী, চুবুৰীয়া দেশ ভূটানতকৈও দুর্নীতিগ্রস্ত ভাৰত! মঙলবাৰে প্ৰকাশিত ট্রান্সপাৰেন্সি ইণ্টাৰনেচল (TI)-ৰ বার্ষিক প্ৰতিবেদনত এই তথ্য প্রকাশ পাইছে। অর্থনৈতিক ক্ষেত্রত দেশবোৰৰ কামৰ ওপৰত ভিত্তি কৰি এক বিশেষজ্ঞ কমিটিয়ে এই ৰিপোৰ্ট প্ৰস্তুত কৰে।
ৰিপোৰ্টৰ পৰিসংখ্যা মতে, ভাৰতে এইবাৰ দুৰ্নীতিৰ ক্ষেত্ৰত লাভ কৰিছে ৪০ নম্বৰ। চীনে লাভ কৰিছে ৪৫ আৰু বাংলাদেশে ২৬ নম্বৰ লাভ কৰিছে। ২৮ নম্বৰেৰে পাকিস্তানৰ অৱস্থান ১৪০ স্থানত৷ তালিকা মতে সৰ্বাধিক দুর্নীতিগ্রস্ত দেশ হৈছে দক্ষিণ ছুডান।
আনহাতে, দুর্নীতিমুক্ত দেশৰ তালিকাত শীৰ্ষত আছে ডেনমার্ক, ফিনলেণ্ড, নিউজীলেণ্ড আৰু নৰৱে। ট্রান্সপাৰেন্সি ইণ্টাৰনেচনেলৰ ৰিপোৰ্ট মতে, বহু বছৰ ধৰি ভাৰতৰ অৱস্থানৰ কোনো পৰিৱর্তন হোৱা নাই।













