![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ কৃষি আৱাসিক কলনিস্থিত “কৃষি আৱাসিক নামঘৰ প্ৰাঙ্গনত মহিলাৰ দ্বাৰা ‘কুৰু সন্ধ্যা’ নাটখনি মঞ্চস্থ কৰা হ’ব ৷ অহা ৩১ জানুৱাৰীত নামঘৰৰ প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে পালন কৰাৰ লগত এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভাওনা আকাৰে নাটখনিৰ মঞ্চস্থ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ৷ এই মৰ্মে ভাওনা সমিতিৰ উদ্যোগত আজি নামঘৰ প্ৰাঙ্গনত ‘কুৰু সন্ধ্যা’ নাটখনিৰ আখৰা চলোৱা হৈছে ৷
উদ্যোক্তাসকলে জানিব দিয়া অনুসৰি চৰকাৰৰ দুৰ্যোগ আৰু প্ৰশমন বিভাগে বান্ধি দিয়া কৰোনা সংক্ৰান্তীয় যাৱতীয় নীতি-নিয়মৰ মাধ্যমেৰে ভাওনা মঞ্চস্থ কৰা হ’ব লগতে ভাওনা অংশগ্ৰহণ কৰিবলগীয়া সকলো অভিনয়কাৰীসকল কভিড ১৯-ৰ দুয়োটা ভেকচিন গ্ৰহণ কৰা আছে বুলি জানিব দিছে ৷











