![]()
নিউজ ডেস্কঃ
পূব দিল্লীৰ কস্তুৰবা নগৰত গণতন্ত্র দিৱসৰ দিনা গণধর্ষিতা যুৱতীক অপহৰণ কৰে চুলি কাটি, মুখত কাজল সানি প্রকাশ্যে ৰাস্তাত ঘূৰোৱাৰ ঘটনাত তোলপাৰ দেশ। ঘটনাৰ তদন্তত নামি নজনক গ্রেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। ধৃতসকলৰ ভিতৰত সাতগৰাকী মহিলা। লগতে দুজন অপ্রাপ্তবয়স্ককো আটক কৰিছে আৰক্ষীয়ে।
দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে টুইট কৰ ভিডিওত এই ঘটনা ৰাষ্ট্ৰ হৈ পৰে। স্বাতীয়ে দিল্লী আৰক্ষীক ৭২ ঘণ্টাৰ ভিতৰত তদন্ত কৰি ৰিপোর্ট দাখিল কৰিবলৈ কৈছিল। তাৰ পিচতেই এই গ্রেপ্তাৰ। ধর্ষণত অভিযুক্তসকলৰ বিৰুদ্ধে ইতিমধ্যে বেআইনীভাৱে মদ আৰু ড্ৰাগছৰ ব্যৱসায় সংক্ৰান্তীয় কোনো অভিযোগ আছিল নেকি, সেয়াও দিল্লী আৰক্ষীৰ পৰা জানিব বিচাৰিছে দিল্লী মহিলা আয়োগে।













