![]()
নিউজ ডেস্ক
বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰ বন্ধৰ পিছত ভাৰত তথা এছিয়াৰ ধনীতম ব্যক্তি মুকেশ আম্বানিক চেৰ পেলালে উদ্যোগপতি গৌতম আদানিয়ে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে ২০২১ চনৰ নৱেম্বৰতো এবাৰ আম্বানিক চেৰ পেলাইছিল আদানিৰ মুঠ সম্পদৰ মূল্যই।
শেহতীয়া হিচাব মতে, আদানিৰ সম্পত্তিৰ পৰিমাণ প্রায় ৮৯.৫ বিলিয়ন ডলাৰ (ভাৰতীয় মুদ্রাত প্রায় ৬.৭২ লাখ কোটি টকা)। আনহাতে, আম্বানিৰ সম্পদ ৮৯.৪ বিলিয়ন ডলাৰৰ (ভাৰতীয় মুদ্রাত প্রায় ৬.৭১ লাখ কোটি টকা)। এক আৰু দুই নম্বৰত স্থানত আছে আদানি আৰু আম্বানি। ইয়াৰ পিছত প্রথম পাঁচত আছে যথাক্রমে শিৱ নাদাৰ, ৰাধাকৃষ্ণন দামানি আৰু লক্ষ্মী মিট্টাল।













