![]()
ডিফুঃ
অসম-নাগালেণ্ড সীমান্তৰ পাহাৰীয়া জিলা কাৰবি আংলঙৰ বোকাজানত সঘনাই পিষ্টল আৰু গুলী সহ দুৰ্বৃত্ত আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহস্পতি আৰু শুকুৰবাৰে বোকাজান মহকুমাৰ খটখটী আৰু বোকাজানত আৰক্ষীয়ে অভিযান চলাই দুটাকৈ দুৰ্বৃত্ত সহ দুটা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে এক গোপন খবৰৰ ভিত্তিত বোকাজান থানাৰ অ’চি মৌবলিক ব্ৰক্ষ্মই সংগীয় ষ্টাফসহ বোকাজান অমৰাজানৰ মণিপুৰী বস্তিত অভিযান চলাই প্ৰদীপ দাস ওৰফে দীপক নামৰ এজন যুৱক আটক কৰিবলৈ সক্ষম হয় ৷
অভিযানকাৰী দলটোৱে ধৃত যুৱকজনৰ কলৃৱলৰ পৰা এটা ‘২২ পিষ্টল এটা মেগজিন আৰু তিনিজাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত দুৰ্বৃত্তটো কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত আছে নে নাই জানিব পৰা হোৱা নাই যদিও অধিক তথ্যৰ বাবে দুৰ্বৃত্তটোক জেৰা অব্যাহত ৰাখিছে জানিব পৰা গৈছে ৷













