![]()
নিউজ ডেস্কঃ
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ কোভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘন্টাত দেশত ২ লক্ষ ৫১ হাজাৰ ২০৯ জন কৰোনাত আক্রান্ত হৈছে। কৰোনাৰ দৈনিক সংক্রমণৰ সংখ্যা বিগত ২৪ ঘন্টাত ১২.৩ শতাংশ হ্রাস পাইছে।
আনহাতে, বৃহস্পতিবাৰে কৰোনাৰ দৈনিক সংক্রমণৰ হাৰ আছিল ১৯.৫৯ শতাংশ। শুক্রবাৰে সেয়া কমি হ’ল ১৫.৮৮ শতাংশ। সাপ্তাহিক সংক্রমণৰ হাৰো সামান্য কমি হ’ল ১৭.৪৭ শতাংশ।
আনহাতে, বিগত ২৪ ঘন্টাত দেশত কৰোনাত মৃত্যু হৈছে ৬২৭ জনৰ।
ভাৰতত এই পর্যন্ত মুঠ ৪ কোটি ৬ লক্ষ ২২ হাজাৰ ৭০৯ জন কৰোনা আক্রান্ত হৈছে। এই মুহূর্তত সক্রিয় আক্রান্তৰ সংখ্যা মুঠ আক্রান্তৰ ৫.১৮ শতাংশ। দেশত এই মুহূর্তত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ২১ লাখৰ ওপৰত।
ইফালে শুক্রবাৰে নতুনকৈ ৬২৭ জনৰ মৃত্যুৰ পিছত দেশত মুঠ কৰোনাত মৃত্যু হ’ল ৪ লক্ষ ৯২ হাজাৰ ৩২৭ জন।













