![]()
নিউজ ডেস্কঃ
৩ বছৰত পাঁচখন গাড়ী কিনাৰ নামত ঋণ লৈছিল। ইয়াৰ পিছতেই নাপাত্তা। ঋণপ্রদানকাৰী সংস্থাৰ পৰা প্রায় ২ কোটি ১৮ লক্ষ টকা লৈ পলায়ন কৰে ব্যক্তিজনে। অৱশেষত টকা পৰিশোধ নকৰি পলায়ন কৰাৰ ৩ বছৰ পিছত আৰক্ষীৰ হাতত ধৰা পৰে অভিযুক্ত।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত গুৰুগ্রামৰ বাসিন্দা, ৪২ বছৰীয়া প্রমোদ সিং। ২০১৮ চনত তেওঁ এটি ঋণ প্রদানকাৰী কোম্পানীৰ পৰা প্রথমে ২৭ লক্ষ ৫০ হাজাৰ টকা ঋণ লৈ এখন গাড়ী ক্ৰয় কৰে। ঋণৰ কেইটামান কিস্তি জমাও দিয়ে তেওঁ। ইয়াৰ পিছত আৰু চাৰিখন গাড়ী কিনাৰ বাবে কোম্পানীটোৰ পৰা প্রায় ২ কোটি টকা ঋণ লয় ব্যক্তিজনে। এইবাৰো কেইটামান কিস্তি পৰিশোধ কৰে। কিন্তু হঠাৎ তেওঁ কিস্তি দিয়া বন্ধ কৰি পলায়ন কৰে।
কিস্তিৰ টকা বহুদিন ধৰি পৰিশসোধ নকৰাৰ বাবে প্রমোদৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰে ঋণ প্রদানকাৰী কোম্পানীটোৱে। বিগত তিনি বছৰ ধৰি তেওঁ নিখোঁজ। তেওঁৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত পৰোৱানাও জাৰি কৰা হয়। সম্প্রতি তেওঁক গুৰুগ্রামৰ পৰা গ্রেপ্তাৰ কৰা হৈছে।
আনহাতে, পৰিবহণ বিভাগৰ কেইজনমান বিষয়াৰ সৈতেও প্রমোদৰ ভাল সম্পর্ক আছিল বুলি আৰক্ষীয়ে জনাইছে। তেওঁলোকৰ সহযোগতেই প্রমোদে উক্ত গাড়ীকেইখন বিক্রী কৰা বুলি আৰক্ষীয়ে তদন্তত জানিব পাৰে।













