![]()
নিউজ ডেস্কঃ
‘ভাই’ নুবুলি নাম ধৰি মতাৰ বাবে এজন যুৱকক বেল্টেৰে বেয়াকৈ প্ৰহাৰৰ অভিযোগ উঠিল দুই নাবালকসহ পাঁচজনৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, ‘ভাই’ বুলি নামাতাৰ ‘অপৰাধ’ত যুৱকজনক মাটিত পৰি থকা বিস্কুট খাবলৈও বাধ্য কৰোৱাৰ অভিযোগ। মঙ্গলবাৰে ঘটনাটি ঘটে পুণেৰ পিম্পৰি-চিঞ্চৱাড়ত।
আৰক্ষী সূত্র মতে, পিম্পৰি-চিঞ্চৱাড়ৰ থেৰাগাঁও এলেকাত আড্ডা মাৰি আছিল দুই কিশোৰসহ পাঁচজনে। তেতিয়া ৰাস্তাৰে গৈছিল এক যুৱক। এলেকাটোৰেই যুৱকজনে কিশোৰ কেইজনৰ এজনক নাম ধৰি মাতে। তাতেই খঙত অগ্নিশৰ্মা হয় তেওঁলোক। তৎক্ষণাৎ যুৱকজনক ধৰি ‘ভাই’ বুলি কিয় মতা নাই তাৰ কৈফিয়ৎ বিচাৰে।
অভিযোগ, তাৰ পিছতেই হঠাৎ তেওঁলোকৰ মাজৰ এজনে বেল্ট খুলি মাৰিবলৈ আৰম্ভ কৰে যুৱকজনক। বাকী চাৰিজনেও যুৱকজনৰ ওপৰত জঁপিয়াই পৰে। ইয়াৰ পিছত যুৱকজনক ৰাস্তাত পৰি থকা বিস্কুট মুখেৰে তুলিবলৈ বাধ্য কৰোৱা হয়। ঘটনাটি প্রকাশ্যে অহাৰ লগে লগেই অভিযুক্ত পাঁচজনকে বৃহস্পতিবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।













