![]()
নিউজ ডেস্কঃ
আনুষ্ঠানিকতাৰ শেষত এয়াৰ ইণ্ডিয়া উভতিল টাটাৰ ঘৰলৈ। বৃহস্পতিবাৰে সম্পন্ন হ’ল হস্তান্তৰ প্রক্রিয়া। সাত দশক পিছত ‘মহাৰাজা’ক উভতাই পাই উচ্ছ্বসিত টাটা গ্ৰুপো। আনুষ্ঠানিকভাবে হস্তান্তৰ প্রক্রিয়া সমাপ্তৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা টাটা গ্ৰুপৰ চেয়াৰমেন এন চন্দ্রশেখৰণে সাক্ষাৎ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীক।

উল্লেখ্য, যোৱা বছৰ অক্টোবৰত এয়াৰ ইণ্ডিয়াক ১৮ হাজাৰ কোটি টকাৰ বিনিময়ত টাটা গ্ৰুপৰ ভাতৃ কোম্পানী টালাছ প্রাইভেট লিমিটেডক বিক্রী কৰে কেন্দ্রীয় চৰকাৰে।
ইয়াৰ পিছৰ পৰাই আৰম্ভ হয় বিক্রীৰ সৈতে জড়িত অন্যান্য প্রক্রিয়া। চুক্তি অনুযায়ী, এয়াৰ ইণ্ডিয়াৰ লগতে এয়াৰ ইণ্ডিয়া এক্সপ্রেছ আৰু এয়াৰ ইণ্ডিয়া ছেটছ (‘গ্রাউন্ড হেন্ডেলিং’ বা উড়ানৰ বাদে অন্যান্য বিষয় যি কোম্পানীৰ দ্বাৰা পৰিচালনা কৰা হয়)ৰ ৫০ শতাংশ শ্বেয়াৰো টাটা গ্ৰুপৰ ভাতৃ কোম্পানীটোলৈ হস্তান্তৰ হয়।
বৃহস্পতিবাৰে শেষ হ’ল ১০০ শতাংশ শ্বেয়াৰ হস্তান্তৰ প্রক্রিয়া আৰু তাৰ লগতে পৰিচালন ক্ষমতা সম্পূর্ণভাবে তুলি দিয়া হল টাটা গ্ৰুপৰ হাতত। ফলত এয়াৰ ইণ্ডিয়া সন্দৰ্ভত টাটা গ্ৰুপৰ সৈতে চৰকাৰৰ লেনদেন আনুষ্ঠানিকভাবে সমাপ্ত হ’ল।













