![]()
অজন্তা তালুকদাৰ,
বোকাখাতঃ
আজি বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত মহকুমাধিপতি ডা: নেহা যাদৱে বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন দিশত পাৰদৰ্শিতা অৰ্জন কৰা বোকাখাতৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে অনলাইন যোগে আয়োজিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ নিৰ্বাচিত প্ৰতিযোগীক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰে।


উক্ত অনুষ্ঠানত মহকুমাধিপতিগৰাকীয়ে উপস্থিত নৱ প্ৰজন্মক সম্বৰ্ধনা প্ৰাপ্ত বিশিষ্ট ব্যক্তি সকলক অনুপ্ৰেৰণা হিচাপে লৈ সমাজৰ হিতে কাম কৰি যাবলৈ আহ্বান জনায় ।

আজিৰ অনুষ্ঠানৰ আঁত ধৰে সহকাৰী আয়ুক্ত ঋতুপৰ্ণা দাসে। অনুষ্ঠানতে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে বোকাখাত নিৰ্বাচনী জিলাৰ কাৰ্য্যালয়ৰ দ্বাৰা SVEEP কোষৰ অধীনত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত স্থান প্ৰাপ্ত প্ৰতিযোগীসকলোকো বঁটা প্ৰদান কৰা হয় ।













