![]()
মনোৰঞ্জনঃ
অভিনেতা ৰাজেশ খান্নাক বলীউড ক্ষেত্ৰৰ প্ৰথম গৰাকী চুপাৰষ্টাৰ বুলি কোৱা হয়। তেওঁ ইখনতকৈ সিখন জনপ্ৰিয় ছবিত অভিনয় কৰিছে; বৰ্তমানলৈ এইগৰাকী অভিনেতাৰ অভিনয়ৰ চৰ্চা চলে সচেতন মহলত। কিন্তু এবাৰ ৰাজেশ খান্নাই খাবলগীয়া হৈছিল এগৰাকী পৰিচালকৰ পৰা প্ৰচণ্ড চৰ। এইটো সেইটো সময়ৰ কথা যেতিয়া ৰাজেশ খান্নাই ইণ্ডাষ্ট্ৰীটোত এটা উচ্চপৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছিল।
আৰু, সেইটো সময়ত অভিনেতা আৰু পৰিচালক মেহমুদে এখন ছবি নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাইছিল। ছবিখনৰ নাম আছিল “জনতা হৱলদাৰ” আৰু ইয়াত মুখ্য চৰিত্ৰ ৰূপায়নৰ বাবে গ্ৰহণ কৰা হৈছিল অভিনেতা ৰাজেশ খান্না আৰু হেমা মালিনীক। উক্ত ছবিখনৰ শ্বুটিং চলিছিল মেহমুদৰ ফাৰ্ম হাউচত; আৰু সেইটো সময়ত ফাৰ্ম হাউচলৈ মেহমুদৰ ডাঙৰ পুত্ৰ আহিছিল যদিও তেওঁ ৰাজেশ খান্নাক কেৱল এবাৰ “হেল্ল” কৈয়ে ওলাই গৈছিল। এই কথাটোক ৰাজেশ খান্নাই বৰ বেছি ভাল পোৱা নাছিল যে মেহমুদৰ ল’ৰাই তেওঁক ভালকৈ নামাতিলে।
তাৰ পিছৰ পৰাই ৰাজেশ খান্না ছবি খনৰ শ্বুটিঙলৈ দেৰিকৈ আহিবলৈ ধৰিলে। কিন্তু তেওঁ দেৰিকৈ অহাৰ কাৰণ মেহমুদৰ পুত্ৰ আছিল নে অইন কিবা তাক লৈ এতিয়া সঠিক উত্তৰ দিব পৰা নাযায়। ৰাজেশ খান্নাৰ ফলত মেহমুদ বহু বহু দেৰিলৈ ৰ’ব লগা হোৱা বাবে তেওঁ এবাৰ ৰাজেশ খান্নাক সকলোৰে ওচৰত এক চৰ মাৰে আৰু কয় যে, “আপুনি চুপাৰষ্টাৰ নিজৰ ঘৰত হ’ব, ইয়াত নহয়। আপুনি ছবিখন কৰাৰ বাবে মোৰ পৰা সম্পূৰ্ণ টকা লৈছে আৰু আপুনি ছবিখন সম্পূৰ্ণ কৰিবই লাগিব।”













