![]()
নিউজ ডেস্কঃ
ডেলটাক্রন,ওমিক্রন এতিয়া অতীত! সন্ধান লাভ কোভিডৰ নতুন ৰূপৰ! এই দাবী চীনৰ এদল বিশেষজ্ঞৰ। যিটো ৰূপৰ নাম ‘নিওকোভ’। উহানৰ এই চিকিৎসা-বিজ্ঞানীসকলৰ দাবী, শ্বাসযন্ত্রক প্রভাবিত কৰিব পাৰে সদ্য আৱিষ্কাৰ হোৱা এই মাৰ্চ-কৰোনা ভাইৰাছ। কেৱল সিমানেই নহয়, চীনা বিশেষজ্ঞসকলৰ দাবী, এই ৰূপৰ মাৰণক্ষমতাও তুলনামূলকভাবে বেছি। প্রতি তিনিজন সংক্রমিতৰ এজনৰ মৃত্যু হ’ব পাৰে ‘নিওকোভ’ত।
উহানৰ এটি ৱেবছাইটত প্রকাশিত হৈছে এই সংক্রান্তৰ গৱেষণাপত্র। তাত বিশেষজ্ঞসকলৰ দাবী, বজাৰত প্ৰচলিত কোনো কৰোনা টীকাই ‘নিওকোভ’ৰ ক্ষেত্রত কার্যকৰী নহ’ব। অৱশ্যে এই ভাইৰাছ সন্দৰ্ভত আৰু বিস্তাৰিত গৱেষণা প্রয়োজন বুলিও জনাইছে তেওঁলোকে।













