![]()
ডিফু:
কাৰবি আংলং-নাগালেণ্ড সীমান্তৰ থটখটীত নিষিদ্ধ হেৰইন সহ এগৰাকী মহিলা আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ১০ মান বজাত এক গোপন সূত্ৰৰ ভিত্তিত খটখটী থানীৰ অ’চি ৰাজু দুৱৰাৰৰ নেতৃত্বত উপপৰিদৰ্শক নিতুল শইকীয়া, সহকাৰী উপপৰিদৰ্শক অৰুণ কুমাৰ নাথ আৰু সংগীয় ষ্টাফ সহ খটখটী থানা এলেকাৰ ৱাফং তাৰ’ গাঁৱত অভিযান চলায় ৷

অভিযানকাৰী দলটোৱে এটা ভাড়াটীয়া কোঠাত তালাচী চলাই আফতাৰ আলী ওৰফে আফতাৰ হুছেইনৰ পত্নী হাবিবা জান্নাত(২৫)ক নিষিদ্ধ হেৰইনৰ সৈতে আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত হাবিবা জান্নাতৰ পৰা এটা চাবোনৰ বাকছত ১২’৫০ গ্ৰাম নিষিদ্ধ হেৰইন জব্দ কৰে ৷ ইয়াৰোপৰি দুটা খালী চাবোনৰ বাকচ, ৬৬ টা সৰু সৰু প্লাষ্টিক কণ্টেইনাৰ আৰু নগধ ৯৮,৫০০ টকা জব্দ কৰে ৷ আনহাতে অভিযান কালত এটা বগা ৰঙৰ AS 02 Z 9532 পঞ্জীয়ন নম্বৰৰ আৰ্টিগা গাড়ীও জব্দ কৰিবলৈ সক্ষম হয় ৷













