![]()
নিউজ ডেস্কঃ
বিবাহ আৰু বিবাহ বহির্ভূত সম্পর্কক একেই মাপকাঠিৰে বিচাৰ কৰিব পৰা নাযায় বুলি দিল্লী হাইকোর্টত ৰুজু কৰা গোচৰৰ শুনানিত দাবী কৰিলে আবেদনকাৰী পক্ষই। বিবাহিত সম্পর্কৰ ক্ষেত্রত কেৱল সন্মতিৰ ওপৰত নির্ভৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ধর্ষণৰ ধাৰা প্রয়োগ কৰাটো অসাংবিধানিক বুলি দাবী কৰা হৈছে আবেদনকাৰী সংগঠন ‘মে’ল ৱেলফেয়াৰ ট্রাষ্ট’ৰ তৰফৰ।
ন্যায়াধীশ ৰাজীৱ শাকধৰৰ বিচাৰপীঠে উক্ত শুনানি-পর্বত আবেদনকাৰী পক্ষৰ অধিবক্তা জে সাই দীপকে কয়, ‘‘স্বামী আৰু স্ত্রীৰ মাজত যৌন সম্পর্কত সন্মতিৰ বিষয়টোক অ-বৈবাহিক সম্পর্কৰ সৈতে একেই মাপকাঠিৰে বিচাৰ কৰিব পৰা নাযায়। বিবাহিত সম্পর্কৰ ক্ষেত্রত যৌনতাত সন্মতিৰ বিষয়টো পৃথকভাবে বিবেচনা কৰাই উচিত নহয়।’’ বিভিন্ন দেশৰ আদালতত বৈবাহিক আৰু অবৈবাহিক সম্পর্কক পৃথক দৃষ্টিকোণৰ পৰা বিবেচনা কৰা হয় বুলিও তেওঁ দাবী কৰে।













