![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ২ লক্ষ ৩৫ হাজাৰ ৫৩২ জন। দৈনিক সংক্রমণৰ পৰিমাণ বিগত ২৪ ঘণ্টাত ছয় শতাংশ হ্রাস পাইছে। কমিছে দৈনিক সংক্রমণৰ হাৰো। বৃহস্পতিবাৰে কৰোনাৰ দৈনিক সংক্রমণৰ হাৰ ১৯.৫৯ শতাংশৰ পৰা শুক্রবাৰে কমি হৈছে ১৫.৮৮ শতাংশ। শনিবাৰে সেয়া আৰু কমি হ’ল ১৩.৩৯ শতাংশ। দেশজুৰি সুস্থতাৰ হাৰো সামান্য বাঢ়িল। বর্তমান দেশত সুস্থতাৰ হাৰ ৯৩.৮৯ শতাংশ।
স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰোনাৰ কাৰণে দেশত মুঠ ৮৭১ জনৰ মৃত্যু হৈছে। আনহাতে, ভাৰতত এই পর্যন্ত মুঠ ৪ কোটি ৮ লক্ষ ৫৮ হাজাৰ ২৪১ জন কৰোনাত আক্রান্ত হৈছে। এই মুহূর্তত সক্রিয় আক্রান্তৰ সংখ্যা মুঠ আক্রান্তৰ ৪.৯১ শতাংশ। এই মুহূর্তত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ২০ লক্ষ ৪ হাজাৰ ৩৩৩ জন।
উল্লেখ্য, এই পর্যন্ত দেশত মুঠ ১৬৫ কোটি ৪ লক্ষ ৮৭ হাজাৰ ২৬০ জনক টীকা দিয়া হৈছে। বিগত ২৪ ঘণ্টাত ৫৬ লক্ষ ৭২ হাজাৰ ৭৬৬ জনে টীকা পাইছে।













