![]()
নিউজ ডেস্কঃ
যদি কোনো মহিলা চাকৰিপ্রার্থী ৩ মাহৰ অন্তঃসত্ত্বা হয়, তেন্তে তেওঁক ‘টেম্পোৰাৰিলি আনফিট’ বা সাময়িকভাবে কাম কৰাৰ অনুপযুক্ত বুলি ধৰি লোৱা হ’ব। এছবিআইৰ এই জাননী প্ৰকাশৰ পিছতেই আৰম্ভ হৈছে বিতর্ক। আনহাতে, এই সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকলৈ জাননী পঠালে মুম্বাই মহিলা আয়োগে। এছবিআইৰ এনে সিদ্ধান্ত পক্ষপাতদুষ্ট আৰু অনৈতিক বুলি দাবী কৰিছে আয়োগৰ অধ্যক্ষ স্বাতী মলিয়ালে।
উল্লেখ্য, এছবিআইৰ নিয়োগৰ নতুন মেডিকেল ফিটনেছ নির্দেশনাত কোৱা হৈছে, বেংকত কামৰ ক্ষেত্রত কোনো মহিলা ৩ মাহৰ অন্তঃসত্ত্বা হ’লে তেওঁক সাময়িকভাবে কামৰ অনুপযুক্ত বুলি ধৰা হ’ব। ‘মেডিকেল ফিটনেছ এণ্ড অপথ্যালোমলিজিকেল ষ্টেণ্ডার্ডছ ফৰ নিউ ৰিক্রুইটছ এণ্ড প্রোমিটিছ’ অনুযায়ী এই নিয়ম সলনি কৰা হৈছে। এই জাননী প্ৰকাশৰ পিছতেই বিভিন্ন মহলত সমালোচনা আৰম্ভ হৈছে। গাইডলাইন প্রত্যাহাৰৰ দাবী জনাই এছবিআইলৈ জাননী প্ৰেৰণ কৰিছে মুম্বাই মহিলা আয়োগে।













