![]()
নিউজ ডেস্কঃ
বার্থডে পার্টিলৈ লৈ যোৱাৰ নামত অপহৰণ! তাৰ পিছতেই নৃশংসভাৱে হত্যা! উত্তৰ দিল্লীৰ বুৰাৰিৰ আৰক্ষী সূত্র মতে, ১৮ বছৰীয়া এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
সূত্রৰ খবৰ অনুসৰি, যুৱকজনক অপহৰণ কৰি ১০ লাখ টকা মুক্তিপণ বিচাৰে ১৯ বছৰীয়া দুই যুৱকে। সেয়া নোপোৱাৰ কাৰণেই যুৱকজনক হত্যা কৰা বুলি অনুমান। ঘটনাৰ পিছত অভিযুক্ত দুই যুৱককেই গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। বলিউড ছবি ‘অপহৰণ’ চায়েই হয়তো তেওঁলোক অনুপ্রাণিত বুলি স্থানীয় থানাৰ আৰক্ষীয়ে জনাইছে। আৰক্ষী সূত্র মতে, অভিযুক্ত দুজনৰ মাজৰ গোপাল নামৰ যুৱকজন মৃত যুৱক ৰোহনৰ বন্ধু আছিল। গোপালে এটি শ্বৰুম পৰিষ্কাৰ কৰাৰ কাম কৰিছিল। ২৩ জানুৱাৰীত নিজৰ জন্মদিনৰ পার্টিলৈ লৈ যোৱাৰ নামত ৰোহনক অপহৰণ কৰে গোপালে। মাজনিশা পর্যন্ত ঘৰলৈ ঘূৰি নহাত স্থানীয় থানাত গোচৰ ৰুজু কৰে ৰোহনৰ পিতৃয়ে।
এই অভিযোগৰ পিছত ২০০টা চিচিটিভি আৰু ফোনৰ লোকেচন চাই গোপাল আৰু আন এক অভিযুক্ত সুশীলক গ্রেপ্তাৰ কৰে।
সোধপোছৰ সময়ত কান্দোনত ভাঙি পৰি ৰোহনক হত্যাৰ কথা স্বীকাৰ কৰে দুয়োজনে।













