![]()
নিউজ ডেস্কঃ
চলিত কৰোনা ঢৌত আক্রান্তসকলৰ শাৰীৰিক উপসর্গ আগৰ দুবছৰৰ তুলনাত তুলনামূলকভাবে বহুখিনি কম। কিন্তু বহু বেছি সংক্রামক। কোভিডৰ পৰা ভাল হৈ উঠাৰ পিছতো শাৰীৰিক সমস্যাবোৰ দীর্ঘস্থায়ী হৈছে। বিশেষজ্ঞসকলে যাক ‘লং কোভিড’ বুলি চিহ্নিত কৰিছে।
কিন্তু সাম্প্রতিক সময়ৰ এটি গৱেষণাই কৈছে চর্দি-কাহ, জ্বৰ, ডিঙিৰ বিষৰ দৰে শাৰীৰিক উপসর্গবোৰৰ লগতে বহুতেই শ্রবণশক্তিও হেৰুৱাইছে। এই সমস্যাটি আক্রান্ত হৈ থকা সময়ত অথবা কোভিড-পৰৱর্তী সময়তো দেখা দিব পাৰে।
নিউয়র্কৰ ইউনিভাৰ্ছিটি অব বাফেলো আৰু বষ্টনৰ হার্ভার্ড মেডিকেল স্কুলৰ আই এণ্ড য়াৰ ইনষ্টিটিউটৰ গৱেষকসকলে এই গৱেষণাটি কৰিছে।













