![]()
নিউজ ডেস্কঃ
বাজেট অধিবেশনৰ প্রথম দু’দিন ৰাজ্যসভা আৰু লোকসভাত নাথাকে ‘শূন্য ঘণ্টা’ আৰু ‘প্ৰশ্নোত্তৰ পৰ্ব’।
৩১ জানুৱাৰী আৰু ১ ফেব্রুৱাৰীত এই নিয়ম কার্যকৰী থাকিব। এই সিদ্ধান্তত বিৰোধী ক্ষুব্ধ। তেওঁলোকৰ দাবী, প্রশ্ন কৰাৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। এইবাৰ দুটা পৰ্যায়ত হ’ব সংসদৰ বাজেট অধিবেশন। প্রথম পৰ্যায়ত অধিবেশন চলিব ৩১ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰী পর্যন্ত। দ্বিতীয় পৰ্যায় চলিব ১৪ মার্চৰ পৰা ৮ এপ্রিল পর্যন্ত। ১ ফেব্রুৱাৰীত দাখিল হ’ব সাধাৰণ বাজেট।













