![]()
নিউজ ডেস্কঃ
অসম সাহিত্য সভাৰ চাৰিটা সন্মানীয় বঁটা ঘোষণা।৪ গৰাকী বিশেষ ব্যক্তিক সভাই প্ৰদান কৰিব এই বঁটা কেইটা।বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা এইবাৰ প্ৰদান কৰিব বিশিষ্ট সাহিত্যক-গৱেষক-শিক্ষাবিদ ডঃ প্ৰফুল্ল মহন্তক।দুবছৰ মূৰে মূৰে প্ৰদান কৰা এই বঁটা স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থ টোপোলা আৰু নগদ এক লাখ টকা চেক।
সভাই পাঁচ বছৰ মূৰে মূৰে প্ৰদান কৰা ছগনলাল জৈন বঁটা বাবে এইবাৰ নিৰ্বাচিত কৰা হৈছে ডঃ শিৱনাথ বৰ্মনক।বঁটাত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থ টোপোলা আৰু পঞ্চাশহাজাৰ টকা চেক।
ইয়াৰ উপৰিও নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটালৈ নিৰ্বাচিত কৰা হৈছে ডঃ অখিল চক্ৰৱৰ্তীক।বঁটাত আছে স্মাৰক, গ্ৰন্থটোপোলা উপৰিও পোন্ধৰ হাজাৰ টকা চেক।দুবছৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰা হয়।
ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা অভিজিৎ শৰ্মা বৰুৱাক প্ৰদান কৰিব সভাই।এই বঁটা আছে দহ হাজাৰ টকা। দুবছৰ মূৰে মূৰে প্ৰদান কৰা হয় এই বঁটা।













