![]()
নিউজ ডেস্কঃ
অৱশেষত কোভিডমুক্ত হ’ল লতা মঙ্গেশকাৰ। কেৱল সেয়াই নহয়, নিউমোনিয়াকো পৰাস্ত কৰিলে ৯২ বছৰীয়া গায়িকাগৰাকীয়ে। দেওবাৰে বিয়লি এক সর্বভাৰতীয় সংবাদ মাধ্যমক এই কথা জনায় মহাৰাষ্ট্রৰ স্বাস্থ্যমন্ত্রী ৰাজেশ টোপেই।
উল্লেখযোগ্য যে কোভিডত আক্রান্ত হৈ যোৱা ৮ জানুৱাৰীত মুম্বাইৰ ব্রিচ কেণ্ডি হস্পিটেলত ভর্তি হৈছিল সকলোৰে প্রিয় লতা দিদি। বয়সজনিত শাৰীৰিক পৰিস্থিতিৰ কাৰণে জটিলতাৰ আশঙ্কাত উক্ত দিনাই তেওঁক ৰখা হয় আইচিইউত। দেওবাৰে পুৱা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনাইছিল যে গায়িকাগৰাকীৰ শাৰীৰিক অৱস্থাৰ উন্নতি হৈছে।
আনহাতে, বিগত তিনি দিন ধৰি ভেন্টিলেচনৰ বাহিৰত আছিল লতা দিদি। বিয়লিৰ ভিতৰত তেওঁৰ কোভিড নেগেটিভ হোৱাৰ খবৰ পোৱা যায়।













