![]()
নিউজ ডেস্কঃ
দেশৰ জনগণক অভিনন্দন জনাই প্রধানমন্ত্রীৰ টুইট। অভিনন্দন জনোৱাৰ কাৰণ হৈছে দেশৰ ৭৫ শতাংশ প্রাপ্তবয়স্কৰ টীকাৰ দুয়োটা পালি সম্পূর্ণ হৈছে। ইয়াক ‘উল্লেখযোগ্য কীর্তি’ও আখ্যা দিলে নৰেন্দ্র মোদীয়ে। দেওবাৰে দেশৰ ৭৫ শতাংশ প্রাপ্তবয়স্ক নাগৰিকৰ দুটা পালি সম্পন্ন হোৱাৰ কথা জনায় কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্যই।
টুইটত তেওঁ লিখে, ‘সবকা সাথ, সবকা প্রয়াস মন্ত্রৰ সৈতেই দেশৰ ৭৫ শতাংশ প্রাপ্তবয়স্কৰ দুটা পালি সম্পূর্ণ হোৱাৰ লক্ষ্যত উপনীত হোৱা গৈছে। কৰোনাৰ বিৰুদ্ধে যুঁজত আমি নিৰন্তৰ মজুবত হৈছো। আমি সকলো নিয়ম পালন কৰিব লাগিব আৰু যিমান সম্ভব সোনকালে টীকা ল’ব লাগিব।’













