![]()
ডিফুঃ
কাৰবি আংলঙ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুণৰ আৰম্ভ হৈছে তৃতীয়টো উচ্ছেদ অভিযান ৷পুৱাৰে পৰা বৃহৎ নিৰাপত্তা ৰক্ষীৰে চলাই থকা উচ্ছেদ অভিযান শান্তিপূৰ্ণ আছিল যদিও হঠাত উচ্ছেদিত লোক প্ৰতিবাদমুখৰ হৈ পৰে ৷

এখন মছজিদ ভঙাকলৈও সৃষ্টি হয় উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ উচ্ছেদিত সকলে বিভিন্ন শ্ল’গান সম্বলিত প্লেকাৰ্ড, ফেষ্টুন আদিলৈ উত্তাল প্ৰতিবাদ সাব্যস্থ কৰিবলৈ ধৰে ৷
প্ৰতিবাদকাৰী সকলে নিজকে ইয়াৰ স্থায়ী বাসিন্দা বুলি দাবী কৰাৰ লগতে এই উচ্ছেদ বেআইনী বুলি মন্তব্য কৰে ৷ এইলৈ উচ্ছেদ অভিযানত অংশ লোৱা নিৰাপত্তাৰক্ষীৰ সৈতে উচ্ছেদিত সকলৰ মাজত বিতৰ্কৰ সৃষ্টি হয় ৷ শান্তিপূৰ্ণ উচ্ছেদ অভিযান চলি থকাৰ মাজতে হঠাত এটা শিলগুটিয়ে খটখটী থানাৰ অচি ৰাজু দুৱৰাৰৰ মুখমণ্ডলত আঘাত কৰে ৷

তাৰ পিছতে অধিক উত্তপ্ত হৈ পৰে আৰু নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি বেদখলকাৰীৰ ফালৰ পৰা ধাৰাষাৰ শিলগুটি নিক্ষেপ কৰা হয় ৷ নিৰাপত্তা ৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে শুণ্যলৈ কেইবাজাঁই গুলী ফুটোৱাৰ লগতে প্ৰতিবাদকাৰীক ছত্ৰ ভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে ৷ দুয়োপক্ষৰে সৈতে হোৱা সংঘৰ্ষত একাংশ সাংবাদিকো আহত হয় ৷
উল্লেখযোগ্যযে, ইতিমধ্যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত লাহৰিজানত চলিছিল দুটাকৈ উচ্ছেদ অভিযান ৷ ২০ আৰু ২৪ ডিচেম্বৰত লাহৰিজানত চলিছিল অভিযান ৷ আজি পুৱৰে পৰা মুঠ ১৩৪ টা ঘৰৰ ১০০ টাত চলিছে প্ৰশাসনৰ উচ্ছেদ ৷ উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ অনুসৰি ৩৪টা ঘৰত প্ৰশাসনে উচ্চেদ অভিযান স্থগিত ৰাখি বাকী অবৈধ ভাবে বসবাস কৰা ১০০ টা ঘৰত উচ্ছেদ অভিযান চলাইছে কাৰ্বি অাংলং প্ৰশাসনে ৷
কাৰবি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিনহাৰ নেতৃত্বত নিৰাপত্তাৰক্ষী, আৰক্ষীৰ দলৰ সহযোগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে বুল ড্ৰেজাৰ আৰু জেচিবিলৈ উচ্ছেদ অভিযান চলাইছে ৷ বাতৰি লিখা পৰলৈকে উচ্ছেদ অভিযান চলি আছিল ৷












