![]()
নিউজ ডেস্কঃ
“অৰুণোদয় আঁচনিত সাঙুৰি নহয়, আমাকো লাগে বিশেষ আঁচনি।চৰকাৰে সমাজৰ বিভিন্ন শ্রেণী বাবে লোৱা আঁচনি দৰে আমাৰ অবিবাহিতা সকলৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰক”- এই দাবী সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতি।যিখন আঁচনিৰ দ্বাৰা আমাৰ বাই-ভনীসকল উপকৃত হব পাৰিব।
দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সমিতিৰ সভানেত্ৰী ৰীতা হাজৰিকাই কয়-অবিবাহিতা বুলিলে সমাজৰ বহুতেই বেলেগ ভাৱে।তাৰে একাংশ নিজৰ আত্মীয় স্বজনৰ ওচৰত লাঞ্চিত-বঞ্চিত, শোষণ-দমন, অৱহেলিত আৰু নিৰ্যাতিত হব লগা হৈ আহিছে।যাৰ বাবে আমাক চৰকাৰে বিশেষ আঁচনিত অন্তৰ্ভুক্ত কৰক।
অৰুণোদয় আঁচনি আমাক নালাগে,আমাক লাগে এক পৃথক আঁচনি।লগতে প্ৰতিখন জিলাত ২০-৩০ বিঘা মাটি চৰকাৰে আবন্টন দি অবিবাহিত মহিলাৰ বাবে স্বনিৰ্ভৰশীল প্ৰকল্প আৰু ৬০উৰ্ধৰ অবিবাহিত মহিলাক মাহে নূন্যতম ১০ হাজাৰ টকাকৈ পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে।সমিতি দাবী পৃথক ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ মহিলাসকলম প্ৰদান কৰিব লাগে- সভানেত্ৰী গৰাকীয়ে লগতে কয়।
ইফালে পূৰ্ব ৰাজ্য চৰকাৰৰ বাইদেউ আঁচনি চৰকাৰ সলনি অথবা নেতৃত্বৰ নিষ্কৃয়তাৰ বাবে বন্ধ হৈ যোৱা বুলিও মন্তব্য কৰে।আনহাতে সংবাদমেলৰ জৰিয়তে সমিতিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰো অনুমতি বিচাৰে।












