![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত মুঠ কৰোনা আক্রান্তৰ সংখ্যা হৈছে ২ লাখ ৯০ হাজাৰ। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুযায়ী, দেশত মুঠ সক্রিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ১৮ লক্ষ ৩১ হাজাৰ ২৬৮।
কিন্তু বৃদ্ধি পাইছে কোভিড সংক্রমণৰ হাৰ। চৰকাৰী তথ্য অনুযায়ী, ১৪.৫০ৰ পৰা ১৫.৭০ শতাংশ হৈছে সংক্রমণ হাৰ। আনহাতে, কৰোনাত সুস্থতাৰ হাৰ ৯৪.৩৭ শতাংশ। বিগত ২৪ ঘণ্টাত ২ লাখ ৬২ হাজাৰ ৬২৮ জন কৰোনাৰ পৰা সুস্থ হৈ উঠিছে।
ইফালে বিগত ২৪ ঘণ্টাত দেশত ৯৫৯ জনৰ কৰোনাত মৃত্যু হৈছে। যাৰ ভিতৰত কেৱল কেৰালাতেই মৃত্যু হৈছে ৩৭৪ জন। ৰাজধানী দিল্লীত বিগত ২৪ ঘণ্টাত কোভিডচ আক্রান্ত হৈছে ৩ হাজাৰ ৬৭৪ জন। মহাৰাষ্ট্রত আক্ৰান্ত হৈছে ২২ হাজাৰ ৪৪৪ জন।
আনহাতে, ইতিমধ্যে দেশত ১৬৬ কোটি কৰোনা টীকা দিয়া সম্পূর্ণ হৈছে।












