![]()
নিউজ ডেস্কঃ
২০২১ৰ ৫ মে’। কোভিডত আক্রান্ত হয় মৌচুমীৰ স্বামী অভিষেক। প্রথমে ব্যক্তিগত হস্পিটেলত ভর্তি কৰোৱা হয় অভিষেকক। কিন্তু অৱস্থাৰ অৱনতি হোৱাত চিকিৎসকে তেওঁক ‘এক্সট্রাকর্পোৰিয়েল মেমব্রেন অক্সিজেনেচন’ৰ প্রয়োজন বুলি কয়।
ব্যয়বহুল এই চিকিৎসা কৰোৱাৰ বাবে সামৰ্থ্য নাছিল মৌচুমীৰ পৰিয়ালৰ। তাৰ উপৰি ওড়িশাত এই চিকিৎসাও সহজলভ্য নাছিল। উপায়ন্তৰ হৈ নেট মাধ্যমত সহায়ৰ আবেদন জনায় মৌচুমীয়ে। তাত সঁহাৰিও লাভ কৰে যথেষ্ট। তাৰ পিছতেই অভিষেকক লৈ কলকাতালৈ আহে চিকিৎসাৰ বাবে।
কিন্তু ৮৩ দিন জীৱন-মৃত্যুৰ সৈতে যুঁজি অৱশেষত জীৱনৰ ওচৰত হাৰ মানে অভিষেকে। বিয়াৰ ছয়মাহৰ মূৰতেই স্বামীহাৰা হয় মৌচুমী।
মৌচুমী মহান্তি নামৰ যুৱতী-বোৱাৰীগৰাকীৰ ঘৰ ওড়িশাৰ ভদ্রকত। বিয়া হৈছিল মন্দাৰিৰ বাসিন্দা অভিষেক মহাপাত্রৰ সৈতে।
মৌচুমীয়ে জনোৱা মতে, অভিষেকৰ চিকিৎসাৰ বাবে ৪০ লাখ টকা জমা হিছিল। এতিয়াও বহুতে সাহায্য আগবঢ়াই আছে। কিন্তু যাৰ চিকিৎসাৰ বাবে উক্ত টকা, তেৱেঁই যেতিয়া নাই, সেই টকা অন্য কাৰোবাৰ কোভিড চিকিৎসাৰ কামত ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয় মৌচুমীয়ে।
যোৱা ১৭ জানুৱাৰীত পিতৃক লগত লৈ ভদ্রকৰ উপায়ুক্তৰ কাৰ্যালয়লৈ যায় মৌচুমী। তাত তেওঁ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ৩০ লক্ষ টকা দান কৰে। বাকী ১০ লক্ষ টকা জিলাখনৰ ৰেড ক্রছ ছ’চাইটিত দান কৰে।












