![]()
নিউজ ডেস্কঃ
আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিবেশন৷ এই বাজেট অধিবেশনৰ সময়তে আকৌ চলিছে ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰক্ৰিয়া। তেনে পৰিস্থিতিত আগতীয়াকৈ সাংসদসকলক সতর্ক কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। সোমবাৰে সংসদত প্ৰৱেশৰ পূৰ্বে মোদীৰ বাৰ্তা, ‘‘সংসদৰ প্রত্যেককে অধিবেশনলৈ স্বাগতম। অৱশ্যে আশা কৰিম, নিৰ্বাচনে কোনো প্ৰকাৰেই যাতে বাজেট অধিবেশনক প্রভাৱিত নকৰে। সকলো দলেই যেন মুকলি মনেৰে ভাল চর্চা কৰি দেশৰ প্রগতিৰ বাট বুলাত সহায় কৰে।’’
উল্লেখ্য, বাজেট অধিবেশনৰ সময়তে পেগাছাছ কাণ্ডক লৈ দেশত নতুন বিতর্কৰ সৃষ্টি হৈছে। তাৰ উপৰি, উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, গোৱা আৰু মণিপুৰত আসন্ন বিধানসভা নির্বাচন। তেনে পৰিস্থিতিত পেগাছাছ-কাণ্ড আৰু নিৰ্বাচনক কেন্দ্ৰ কৰি বাজেট অধিবেশনত বিৰোধীয়ে হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰাৰ আশংকাতে আগতীয়াকৈ এই বার্তা দিলে প্ৰধানমন্ত্ৰীয়ে।










