![]()
নিউজ ডেস্কঃ
জম্মু-কাশ্মীৰ ভাৰতৰ অংশ নহয়, চীন আৰু পাকিস্তানৰ অংশ! এয়াই আছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ মানচিত্রত।
কোন দেশত কোভিড পৰিসংখ্যা কেনে ধৰণৰ সেয়া প্রকাশৰ বাবে যি বিশেষ মানচিত্র আছে, তাতেই এই ভুল। এই ভুল আঙুলিয়াই দিছে তৃণমূল সাংসদ শান্তনু সেনে। এই সন্দৰ্ভত এক পত্ৰ লিখে প্রধানমন্ত্রীলৈ। লগতে আবেদন জনায়, শীঘ্ৰেই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰক কেন্দ্রই।
লগতে টুইটাৰতো এই সন্দৰ্ভত সৰৱ হৈছে তৃণমূল সাংসদজন। তেওঁ লিখিছে, ‘হুৰ দ্বাৰা প্রকাশিত ভাৰতৰ মানচিত্রত জম্মু-কাশ্মীৰক অন্য ৰং দি প্রকাশ কৰা হৈছে। তাৰ মাজতে আকৌ বেলেগ ৰং দি সৰু এটি অংশ চিহ্নিত কৰা হৈছে। তাত ক্লিক কৰিলে পাকিস্তান আৰু চীনৰ কোভিড পৰিসংখ্যা ওলাই পৰে।’
তেওঁ মানচিত্রখনৰ এখন ছবিও পোষ্ট কৰিছে। তাত দেখা গৈছে, সমগ্ৰ দেশৰ ৰং নীলা। তাত জম্মু-কাশ্মীৰৰ ৰং ধূসৰ। সাংসদ শান্তনু সেনে লগতে দাবী কৰে, হুৰ মানচিত্রত অৰুণাচল প্রদেশৰ সীমাও সঠিকভাবে দেখুওৱা হোৱা নাই।










