![]()
নিউজ ডেস্কঃ
গ্রাহকৰ বাবে সুখবৰ। ২৮ দিন নহয়, শীঘ্ৰেই ৰিচার্জ প্লেনত ৩০ দিনৰ বৈধতাৰ সুবিধা পোৱা যাব। টেলিকম ৰেগুলেটৰী অথৰিটি অব ইণ্ডিয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। বর্তমান প্রিপেইড ৰিচার্জ ব্যৱহাৰকাৰীসকলৰ বাবে ৩০ দিনৰ বৈধতাৰ কোনো প্লেন নাই। এমাহ সম্পূর্ণ হয় ৩০ বা ৩১ দিনত। কিন্তু প্রতিটো টেলিকম কোম্পানীৰে বেছিভাগ ৰিচার্জ প্লেনৰ বৈধতা ২৮ বা ২৪ দিনৰ। যাৰ ফলত বহু গ্রাহকে ইমান দিনে অসন্তুষ্টি প্রকাশ কৰি আহিছিল। এইবাৰ এই ক্ষেত্ৰত সদর্থক ভুমিকা ল’বলৈ আগবাঢ়িছে TRAI।
ট্রায়ে কয়, যদি এজন ব্যক্তিৰ বেতন ৩০ অথবা ৩১ দিনৰ মূৰত হয়, তেন্তে মোবাইল ৰিচার্জৰ ভেলিডিটি কিয় ২৮ দিনৰ হ’ব? বৈধতা আৰু ২৮ দিনৰ নহয়, হ’ব লাগিব ৩০ দিনৰ। এই ৩০ দিনৰ বৈধতাৰ পৰিকল্পনাৰ বাবে ৬০ দিনৰ ভিতৰত বিজ্ঞপ্তি জাৰি কৰিব লাগিব।










