![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
টাই আহোমসকলৰ এক গৌৰৱোজ্জ্বল আধ্যাত্মিক পৰম্পৰা মে-ডাম-মে-ফি৷ আজি সমগ্ৰ ৰাজ্যতে পৰম্পৰা আৰু নিৰ্দিষ্ট নিয়ম-নীতিৰ মাজতে পালন কৰা হৈছে মে-ডাম-মে-ফি৷ ধেমাজি জিলাৰ ঐতিহাসিক হাবুঙৰ হলুং হ’-ফিত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সন্মানীয় ম’লুংসকলৰ উপস্থিতিত উপৰিপুৰুষসকললৈ সমজুৱাকৈ পূজা আগবঢ়াই জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ সৰ্বাংগীণ মংগল কামনা কৰে মুখ্যমন্ত্ৰীয়ে।

মে-ডাম-মে-ফিৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে স্বৰ্গদেউ চ্যু-কা-ফাৰ স্মৃতিবিজড়িত আহোমৰ দ্বিতীয় ৰাজধানী হিচাপে জনাজাত হাবুঙত স্থায়ী ৰূপত নৱনিৰ্মিত হাবুং চাও-চেন-ৰেন্ আৰু হলুং হ’-ফি গৃহটিও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, ডাঃ ৰণোজ পেগু, যোগেন মহন আৰু সঞ্জয় কিষাণৰ লগতে বিধায়কদ্বয় প্ৰশান্ত ফুকন আৰু মানৱ ডেকাও।










