![]()
নিউজ ডেস্কঃ
কৰোনাক ৰুধিবলৈ টীকাকৰণেই একমাত্ৰ ঔষধ। সেই লক্ষ্যত আগবাঢ়ি গৈছে ভাৰত। আজিৰে পৰা ১৫–১৮ বছৰীয়াসকলৰ টীকাৰ দ্বিতীয় পালি দিয়া আৰম্ভ হ’ল।
যোৱা ৩ জানুৱাৰীৰ পৰা দেশত আৰম্ভ হৈছিল ১৫–১৮ বছৰীয়াসকলৰ টীকাকৰণ। তাৰ পিছৰ পৰা সমগ্ৰ দেশৰ সকলো ৰাজ্যতেই উক্ত বয়সৰ টীকাকৰণত গতি লাভ কৰিছিল। যিহেতু শিশুসকলক কোভেক্সিন দিয়া হৈছে, সেয়ে নিয়ম মতে ২৮ দিন পিছত আৰম্ভ হয় দ্বিতীয় পালি দিয়াৰ কাম।
উল্লেখ্য, পাজধানী দিল্লীত ১৫–১৮ বছৰীয়া প্ৰায় ১০ লক্ষাধিক শিশু টীকাকৰণৰ অন্তৰ্ভুক্ত হৈছে। যোৱা শনিবাৰ পৰ্যন্ত ৰাজধানীত ৮ লক্ষাধিক শিশুৰ প্রথম পালি সম্পূর্ণ হৈছে।












