![]()
নিউজ ডেস্কঃ
গুৱাহাটী উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সোমবাৰে আনুষ্ঠানিক ভাৱে মুকলি হয় ‘বেংচন ভেনছাৰ্চ’ (Bangson Ventures’ নামেৰে এক বিশেষ বিপনী।অসম আৰক্ষী পৰা আৰম্ভ কৰি দেশৰ সামৰিক-অৰ্ধ সামৰিক বাহিনী সাজ-পোছাক উপলব্ধ হব এই বিপনীখনত।সাজ-পোছাকৰ উপৰিও বিশেষ বিপনীখনত পাব আৰক্ষীৰ বিভিন্ন সামগ্ৰী।
উল্লেখ্য যে ব্যৱসায়িক প্ৰতিষ্ঠাখন গ্ৰাহকৰ সুবিধা হোৱাকৈ মুকলি কৰে অসম আৰক্ষীৰ প্ৰাক্তন বিষয়া মৃদুল দত্তই।বিপনী উদ্বোধন কৰি তেওঁ কয়-এই প্ৰতিষ্ঠানখনে এটা ডাঙৰ প্ৰয়োজন পুৰণ কৰিব।’বেংচন্ ভেনচাৰ'(BANGSON VENTURES) সু-নাম সদায় অটুট থাকক।অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য মেঘালয়, ইটানগৰ, মণিপুৰ আদিলৈও ইয়াৰ সম্প্ৰসাৰণ হব লাগে।
সোমবাৰে বিপনীখনৰ উদঘাটন অনুষ্ঠানত আৰক্ষী বিষয়া গৰাকী পত্নী সংগীতা কাকতি, জ্যোতিময় হাজৰিকা পি টি আই উত্তৰ-পূৱ শাখাৰ চীফ প্ৰমুখ্যে বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
ইফালে বিপনী স্বতাধিকাৰী তথা সদৌ অসম কোচ ৰাজবংশী যুৱ -ছাত্ৰ সন্মিলনী সভাপতি বৈষ্ণৱ কোচে জানিবলৈ দিয়া মতে সমগ্ৰ ৰাজ্যত উপলব্ধ হব ইয়াৰ সামগ্ৰী।গ্ৰাহকৰ প্ৰয়োজন মৰ্মে প্ৰেৰণ কৰা হব সামগ্ৰী।সামগ্ৰী অৰ্ডাৰৰ বাবে সুকীয়াকৈ এটা এ’পৰো ব্যৱস্থা কৰিব বুলি তেওঁ লগতে কয়।












