![]()
নিউজ ডেস্কঃ
বাৰ্মিজ চুপাৰি ছিণ্ডিকেটেৰে নাম সাঙোৰ খাইছে অসম আৰক্ষী।ছিণ্ডিকেটেৰে নাম সাঙোৰ খোৱা ৰাজ্য ১০খন থানা ভাৰপ্ৰাপ্ত বিষয়াক শীঘ্ৰে তলব কৰা হৈছে গুৱাহাটীলৈ।কামৰূপ(ম) আৰক্ষী আয়ুক্ত হৰমীত সিঙে প্ৰকাশ কৰা মতে তলব কৰা আৰক্ষীৰ বিষয়াসকল কাছাৰ,কৰিমগঞ্জ, ঢলাই, তাৰাপুৰকে ধৰি বহুকেইখন থানাৰ।সোমবাৰে পানবজাৰ ক্ৰাইম ব্ৰান্সত সংবাদমেল সম্বোধন কৰি আয়ুক্ত গৰাকীয়ে কয়- ১/২২ নম্বৰত ক্ৰাইম ব্ৰান্সত ইতিমধ্যে চুপাৰী ছিণ্ডিকেট ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু হৈছে।উক্ত গোচৰটোত ভাৰতীয় দণ্ডবিধি ১২০(বি)৩৭৯/৪১১/৪৬৫/৪৬৮/৪৭১ ধাৰা সংলগ্ন কৰা হৈছে।
উল্লেখ্য ৰাজ্যত ক্ৰমাত বৃদ্ধি হৈছে চুপাৰি চিণ্ডিকেট।ম্যানমাৰৰ পৰা মিজোৰাম হৈ অসমত প্ৰৱেশ কৰে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি।ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় মহানগৰী গোটানগৰ পৰা বিদ্যুৎ সিনহাক গ্ৰেপ্তাৰৰ পাছতে অসম আৰক্ষীৰ ভিতৰত সৃষ্টি হৈছে ধুমুহা।বিশেষ সূত্ৰ খবৰ অনুসৰি গ্ৰেপ্তাৰ হোৱা ধৃত বিদ্যুৎতৰ ভাষ্যত প্রকাশ পাইছে ছিণ্ডিকেটত জড়িত আৰক্ষী বিষয়া নাম।আৰক্ষী বিষয়াৰ নাম উচ্চাৰণৰ পাছতেই মুখ্যমন্ত্ৰী নিৰ্দেশনা মৰ্মে ১০জনকৈ আৰক্ষী বিষয়াক গুৱাহাটীলৈ তলব কৰিব লগা হৈছে ক্ৰাইম ব্ৰান্স।
আনহাতে, আৰক্ষীৰ আয়ুক্ত গৰাকীয়েও আজি সংবাদমেলত চুপাৰি ছিণ্ডিকেটত আৰক্ষী বিষয়া জড়িত হৈ থকা খবৰ লাভ কৰা বুলি উল্লেখ কৰিছে।বিশেষ সূত্ৰৰ খবৰ মতে আৰক্ষীৰ বিষয়া কেইজনে ধনৰ বিনিময়ত চুপাৰি গাড়ী পাৰ কৰোৱা বুলি ক্ৰাইম ব্ৰান্সৰ জেৰাত মুখ খুলিছে গ্ৰেপ্তাৰ হোৱা বিদ্যুৎতে।












