![]()
নিউজ ডেস্কঃ
কেন্দ্ৰীয় বাজেটৰ মুখ্যাংশ
• সংসদত বাজেট দাখিল আৰম্ভ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ
• ৰাষ্ট্ৰীয় ঘাইপথ বাঢ়িছে ২৫ হাজাৰ কিলোমিটাৰ, ঘোষণা বিত্তমন্ত্রীৰ
• আগন্তুক পাঁচ বছৰত ৬০ লাখ কর্মসংস্থান হ’ব, ঘোষণা নির্মলা সীতাৰমণৰ
• শীঘ্ৰেই বজাৰলৈ আহিব জীৱন বীমা নিগমৰ আইপিও
• চলিত বিত্তীয় বর্ষতেই আৰম্ভ হ’ব ই-পাছপোর্ট, বাজেট বক্তৃতাত ঘোষণা বিত্তমন্ত্রীৰ
• দেশৰ ৭৫খন জিলাত ৭৫টা ডিজিটেল বেঙ্কিং ইউনিট গঠন কৰা হ’ব
• অনলাইনত পঢ়া-শুনাত উৎসাহ দিবলৈ ডিজিটেল বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হ’ব
• ক্ষুদ্র আৰু মজলীয়া শিল্পক উৎসাহ দিবলৈ ২ লক্ষ ৭৩ কোটি টকাৰ প্রকল্প, ঘোষণা নির্মলাৰ
৮০ লাখ পৰিয়ালৰ ঘৰ পিএম আবাস যোজনাত
প্রধানমন্ত্রী আবাস যোজনাত ২০২২-২৩ত ঘৰ পাব ৮০ লক্ষ পৰিয়ালে। প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত ২০২২-২৪ৰ বাবে ৬০ হাজাৰ কোটি আবণ্টন।
•উত্তৰ-পূব ভাৰতৰ উন্নয়নত ধন আবণ্টন
উত্তৰ-পূব ভাৰতৰ উন্নয়নৰ বাবে ১,৫০০ কোটি টকা আবণ্টন হ’ব।
•৭৫খন জিলাত ডিজিটেল বেঙ্কিং ইউনিট
•৫টি নদী সংযোগ প্রকল্প
•৩ কোটি ৮০ লাখ পৰিয়ালক দমকলৰ পানী
৩ কোটি ৮০ লাখ পৰিয়ালক দমকলৰ পানীৰ ৬০ হাজাৰ কোটি আবণ্টন।
•পার্বত্য অঞ্চলত ৰাষ্ট্ৰীয় ৰোপৱে’
পার্বত্য অঞ্চলত ৰাষ্ট্ৰীয় ৰোপৱে’, ৬০ কিমি দীর্ঘৰ ৮টা ৰোপৱে’ হ’ব।
•এছইজেডৰ বাবে নতুন আইন
বিশেষ অর্থনৈতিক অঞ্চল (এছইজেড)ৰ বাবে নতুন আইন অনা হ’ব।
•৫জি মোবাইল সেৱা
২০২২-২৩ৰ ভিতৰত ৫জি মোবাইল সেৱা আৰম্ভ হ’ব। ২০২৫ৰ ভিতৰত সকলো গাঁৱতে অপটিকেল ফাইবাৰৰ পৰিকল্পনা।
•‘ই-পাছপোর্ট’ ইছ্যু
•‘গ্রিন ক্লিয়াৰেন্স’ পোৰ্টেলৰ পৰিধি বৃদ্ধি হ’ব। ‘ই-পাছপোর্ট’ ইছ্যু কৰা হ’ব ২০২২-২৩ বিত্তীয় বর্ষত। নগৰ পৰিকল্পনাৰ বাবে উচ্চ-পর্যায়ৰ কমিটি গঠন কৰা হ’ব।
•৮টা ভাষাত ভূমি ৰেকর্ডৰ তথ্য
সকলো চৰকাৰী ক্রয়ৰ বাবে অনলাইন ই-বিলৰ সুবিধা। ৮টা ভাষাত ভূমি ৰেকর্ডৰ তথ্য ৰখা হ’ব।
ন্যূনতম সহায়ক মূল্যৰ অধীনে ফচল ক্ৰয়ত আবণ্টন
•ন্যূনতম সহায়ক মূল্যৰ অধীনত ফচল ক্ৰয়ৰ বাবে ২ লক্ষ ৩৭ হাজাৰ কোটি টকা আবণ্টন।
ডিজিটেল মুদ্রা আৰম্ভ
•আৰবিআইৰ অধীনত ডিজিটেল মুদ্রা প্ৰচলন কৰা হ’ব। ক্রিপ্টোকাৰেন্সিৰ দৰে ব্লক পদ্ধতিত এই মুদ্রা লেনদেনৰ তথ্য ৰখা হ’ব।
•ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ীসকলৰ বাবে ঋণৰ সুবিধা
•১০ লক্ষ ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ীয়ে ঋণৰ সুবিধা পাব।
•কৃষিক্ষেত্রত উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্য
কৃষকসকলক উন্নতমানৰ গৱেষণা উপলব্ধ কৰাবলৈ নতুন প্রকল্প। কৃষি ক্ষেত্রত উৎপাদনশীলতা বৃদ্ধিত বিশেষ লক্ষ্য।
•আপডেট ৰিটার্ন ফাইল
কৰদাতাসকলে ২ বছৰৰ ভিতৰত আপডেট ৰিটার্ন ফাইল কৰিব পাৰিব। ভুল সংশোধন কৰি ২ বছৰৰ ভিতৰত এই আপডেট ৰিটার্ন ফাইল কৰাব পাৰিব।
•প্রত্যক্ষ কৰ ব্যৱস্থাৰ সংস্কাৰ
প্রত্যক্ষ কৰ ব্যৱস্থাৰ সংস্কাৰ কৰাৰ কথা ঘোষণা কেন্দ্রীয় বিত্তমন্ত্রীৰ।
•ৰাষ্ট্ৰীয় পেঞ্চন প্রকল্পত কৰ ৰেহাই
ৰাষ্ট্ৰীয় পেঞ্চন প্রকল্পত কৰ ৰেহাই বৃদ্ধি হ’ল ১৪ শতাংশ
•ছাৰচার্জ কমিল কো-অপাৰেটিভবোৰৰ
কো-অপাৰেটিভবোৰৰ ছাৰচার্জ ১২ শতাংশৰ পৰা কমি হ’ল ৭ শতাংশ।
•কর্পোৰেট কৰ হ্ৰাস
কর্পোৰেট কৰ ১৮ শতাংশৰ পৰা কমি হ’ল ১৫ শতাংশ।
•আয়কৰ আন্তঃগাঁথনিৰ সলনি নহয়
আয়কৰ আন্তঃগাঁথনিৰ কোনো সলনি নহয়, ঘোষণা কেন্দ্রীয় বিত্তমন্ত্রীৰ।
•আয়কৰত ৰেহাই পেঞ্চনভোগীসকলৰ
বিশেষভাবে সক্ষমসকলৰ বাবে কৰ ৰেহাইৰ পৰিমাণ বৃদ্ধি। আয়কৰত ৰেহাই দিয়া হৈছে পেঞ্চনভোগীসকলক। ডিজিটেল সম্পত্তিৰ লেনদেনত ৩০ শতাংশ আয়কৰ।
•“বাজেটত থাকিব আগন্তুক ২৫ বছৰৰ ব্লু প্রিন্ট।” -নিৰ্মলা সীতাৰমণ৷
এইবাৰৰ বাজেটত আন্তঃগাঁথনি নির্মাণত ২০ হাজাৰ কোটি আবণ্টন৷
•পৰিসেৱা খণ্ডত ৫ লক্ষ কোটি টকা আবণ্টনৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ।
•আগন্তুক ৩ বছৰৰ ভিতৰত নতুন প্রজন্মৰ ৪০০খন বন্দে ভাৰত ৰে’ল।
এই ৰে’লবোৰ বর্তমান ৰে’লতকৈ বহু বেছি আধুনিক প্রযুক্তিৰ সহায়ত নির্মাণ কৰা হ’ব৷
•আগন্তুক ৩ বছৰত নিৰ্মাণ হ’ব ১০০টা প্রধানমন্ত্রী গতিশক্তি কার্গো টার্মিনেল।
•মেট্রো ছিষ্টেম নির্মাণত ব্যৱহাৰ কৰা হ’ব উদ্ভাৱনী প্রযুক্তি।
•কৃষক আৰু এমএছএমইৰ বাবে নতুন পণ্য গঢ়ি তুলিব ভাৰতীয় ৰে’লৱেই।
•স্থানীয় ব্যৱসায় আৰু যোগান শৃংখলক সহায় কৰিবলৈ থাকিব ‘এক ষ্টেচন এক প্রডাক্ট’ নীতি।
•কেন্দ্রীয় চৰকাৰৰ চাৰিটা প্রধান দিশত অগ্রাধিকাৰ৷
১) পিএম গতি শক্তি, ২) অন্তর্ভুক্তিমূলক উন্নয়ন, ৩) উৎপাদন বৃদ্ধি আৰু বিনিয়োগ আৰু ৪) সূৰ্যোদয় সুয়োগ, শক্তি উৎপাদন আৰু জলবায়ু পদক্ষেপ।’












