![]()
নিউজ ডেস্কঃ
আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে ২০২২-২৩ বিত্তীয় বর্ষৰ সাধাৰণ বাজেট। এবাৰ চাওঁ আহক বাজেটত কি কি সামগ্ৰীৰ মূল্যৰ হ্ৰাস-বৃদ্ধি হ’ল—
• কেন্দ্রীয় বাজেটত দাম কমিছে পোছাকৰ।
• পলিচ কৰা হীৰাৰ ওপৰত শুল্ক কমাই পাঁচ শতাংশ কৰা হৈছে। ফলত দাম কমিব হীৰা আৰু হীৰাৰ গহনাৰ।
• দাম কমিছে গ্রহৰত্নৰো।
• সস্তা হৈছে চামৰাজাত সামগ্ৰীৰ। ফলত দাম কমিব চামৰাৰ জোতা, চামৰাৰ বেগ, বেল্ট ইত্যাদিৰ।
• সস্তা হৈছে মোবাইল।
• কমিছে চার্জাৰৰ মূল্য।
• কৃষি যন্ত্রপাতিৰ দামো কমিব।
• পেট্রোপণ্য যেনে কেৰাচিন, গেছোলিন, ইন্ধন তেল, ডিজেল ইন্ধন, তৰল প্রাকৃতিক গেছ, তৰল পেট্রোলিয়াম গেছৰ দাম কমিছে।
• দাম কমিছে ধাতৱ গহনাৰ।
• সস্তা হ’ব বিদেশৰ পৰা অনা যন্ত্রপাতিও।
• কিন্তু দাম বাঢ়িব ইস্পাতজাত সামগ্ৰীৰ। ফলত ষ্টীলৰ বাচনৰ মূল্যও বাঢ়িব।
• বাঢ়িব বিদেশৰ পৰা অনা ছাতিৰ দাম।










