![]()
নিউজ ডেস্কঃ
আজি ক্ষুব্ধ জনতাই প্ৰতিবাদ সাবস্ত্য কৰিলে শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত। এজন ট্ৰাক চালকক নিৰ্মমভাৱে হত্যা আৰু সহযোগীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ক্ষুব্ধ জনতা ওলাই আহে।

জানিব পৰা মতে, ধলাইৰ ৰামপ্ৰসাদপুৰ গাঁৱৰ বাসিন্দা টেংকি চালক প্ৰবীণ সিঙক মিজোৰাম আৰক্ষীয়ে নিৰ্মম হত্যা কৰাৰ লগতে সহযোগী নৃপেন সিঙক গ্ৰেপ্তাৰ কৰে। মিজোৰাম যুৱ মিজো এছ’শ্বিয়েচনে প্ৰবীণ সিঙৰ মৃতদেহ তেখেতৰ পৰিয়ালক হস্তান্তৰ কৰে। মৃতদেহটো বাসগৃহত লৈ অহাৰ পিছতেই ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ।

পথ অৱৰোধ কৰি মৃতকৰ পৰিয়ালক ৫০ লাখ টকাৰ আৰ্থিক সাহায্য আৰু সহযোগী জনক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে।












