![]()
নিউজ ডেস্কঃ
মঙলবাৰে কেন্দ্রীয় বিমন্ত্রী নির্মলা সীতাৰমনৰ ঘোষণা, আগন্তুক পাঁচ বছৰত দেশত ৬০ লাখ নতুন কর্মসংস্থাপনৰ সৃষ্টি কৰা হ’ব।
বিত্তমন্ত্ৰীৰ মতে, তথ্য-প্রযুক্তি আৰু এনিমেচনৰ ক্ষেত্রত এক নতুন দিগন্তৰ সূচনা হ’ব। দেশৰ বিভিন্ন স্থানত তথ্য-প্রযুক্তি হাব নিৰ্মাণ কৰা হ’ব। দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়বোৰে উক্ত হাবৰ সৃষ্টি কৰিব।
আনহাতে, দেশত ২৫ হাজাৰ কিলোমিটাৰ পর্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্রেছৱে’ প্ৰসাৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আৰম্ভ হ’ব ১১টা নতুন মেট্রোলাইন। লগতে ২০২৫ চনৰ ভিতৰত দেশৰ সকলো গাঁৱতে অপটিকেল ফাইবাৰ উপলব্ধ হ’ব আৰু চলিত বছৰৰ শেষৰ ফালে আৰম্ভ হ’ব ৫জি স্পেকট্রাম সেৱা। এইবোৰ ক্ষেত্ৰতো নতুন কর্মসংস্থাপন সৃষ্টিৰ আশা কৰা হৈছে৷










