![]()
নিউজ ডেক্স:
আজি লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটত দেশথত ডিজিটেল মুদ্রা প্ৰৱৰ্তনৰ কথা ঘোষণা কৰে বিত্তমন্ত্রী নির্মলা সীতাৰমণে। ৰিজার্ভ বেঙ্কৰ অধীনত চলিব এই মুদ্রাৰ লেনেদেন৷ ইয়াৰ তথ্য ৰখা হ’ব ব্লকচেইন পদ্ধতিত।
উল্লেখ্য, ব্লকচেইন পদ্ধতিত বিটকয়নৰ দৰে ভার্চুৱেল মুদ্রাৰ লেনদেনৰ যাৱতীয় তথ্য ৰখা হয়। এই তথ্য ইন্টাৰনেটত এক নির্দিষ্ট ডেটাবেছত ৰখা হয়।
লেনদেনৰ সৈতে জড়িত ব্যক্তিৰ বাহিৰে অন্য কোনোৱে এই ব্লকচেইনৰ তথ্য জানিব নোৱাৰে। এই পদ্ধতি ব্যৱহাৰ কৰিয়েই ৰিজার্ভ বেংকে ডিজিটেল মুদ্রা প্ৰচলন কৰিবলৈ আগবাঢ়িছে। ইয়াৰ বাবে দেশৰ শীর্ষ বেঙ্কটোৱে ইতিমধ্যে প্রক্রিয়া আৰম্ভ কৰিছে।










