ASSAM TIMES POST
নতুন দিল্লীঃ দেশজুৰি বৃদ্ধি পোৱা পিয়াঁজৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ এইবাৰ চৰকাৰে ইয়াৰ ৰপ্তানি বন্ধ কৰে। দেওবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে ‘শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ’ এই নিষেধাজ্ঞা আৰোপ কৰে।
উল্লেখযোগ্য যে দেশৰ সৰ্বাধিক পিয়াঁজ উৎপাদনকাৰী ৰাজ্য মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত শেহতীয়াকৈ হোৱা বানৰবাবে চাহিদা অনুসাৰে যোগান হ্ৰাস পোৱাতে যোৱা কেইসপ্তাহমানৰপৰা ইয়াৰ মূল্যবৃদ্ধি ঘটে।
উল্লেখযোগ্য যে পিয়াঁজৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ক’লা ব্যৱসায়ীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ ৰাজ্য চৰকাৰসমূহৰ সংশ্লিষ্ট বিভাগবোৰক নিৰ্দেশনা প্ৰদান কৰিছিল।
এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ভাৰতৰপৰা ভূটানকে প্ৰমুখ্য কৰি কেইবাখনো ৰাষ্ট্ৰলৈ পিয়াঁজৰ ৰপ্তানি হৈ আহিছে।