![]()
নিউজ ডেস্কঃ
আজি জালুকবাৰী সমষ্টিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীয়ে তেখেতৰ জন্মদিন পালন কৰিছে। ইয়াৰ মাজতে ২০০৩ চনৰ পৰা একেৰাহে পালন কৰি অহাৰ দৰে এইবাৰো গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্ৰাংগনত সমূহীয়াভাৱে বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰীৰ মাতৃ তথা অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে।

এই উপলক্ষে উদযাপন কমিটিৰ সাধাৰণ সম্পাদক নিমাই চন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানত মৃণালিনী দেৱীয়ে ভাষণত কয় যে, “আজিকালি বেছিভাগেই কেক কাটি নিজৰ সন্তানৰ জন্মদিন পালন কৰে । কিন্তু কেক কাটি জন্মদিন পালন কৰাটো ভাৰতীয় নহয় , ই পাশ্চাত্য সংস্কৃতিৰহে অংগ । কিন্ত সন্তানৰ মংগল কামনা কৰি বন্তি জ্বলাই জন্মদিন পালন কৰাটোহে ভাৰতীয় সংস্কৃতি ।”আনহাতে জালুকবাৰী সমষ্টিৰ পৰা যাতে নিজ পুত্ৰ হিমন্তৰ দৰে হাজাৰজন হিমন্ত জন্ম লাভ কৰে তাৰ বাবে তেওঁ আশা ব্যক্ত কৰে ।
আজিৰ এই অনুষ্ঠানত কুমুদ বৈশ্য , ৰাণা বশিষ্ট , বৰ্ণালী কপিল , জন্মদিন উদযাপন কমিটিৰ কাৰ্যকৰী সভাপতি ভূপতি শৰ্মাকে ধৰি কেবাজনেও চমু ভাষণত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য , দীৰ্ঘায়ু আৰু মংগল কামনা কৰি তেওঁৰ নেতৃত্বত অসম দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব বুলি আশা প্ৰকাশ কৰে ।
অনুষ্ঠানত জন্মদিনৰ লগত সংগতি ৰাখি ৩০ জানুৱাৰীত দুটা শাখাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা সমূহ বিতৰণ কৰা হয় ।












