![]()
মনোৰঞ্জনঃ
অভিনেত্ৰী কেটৰিনা কাইফ আৰু বিকি কৌশলে বিগত বছৰৰ শেষৰ ফালে বিবাহপাশত আৱদ্ধ হৈছিল আৰু বৰ্তমান তেওঁলোকে সুখী বিবাহিত জীৱন উপভোগ কৰি আছে। যেতিয়াৰ পৰা কেটৰিনাই বিকিৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল, ৰাইজে ছলমান খানক ট্ৰোল কৰিবলৈ আৰম্ভ কৰিছিল। যেতিয়া কেটৰিনাৰ বিয়া হৈছিল, সকলোৱে জানিব বিচাৰিছিল যে ছলমান খানৰ প্ৰতিক্ৰিয়া কি হ’ব! ছলমান খানে এতিয়া কেটৰিনাৰ বিবাহৰ ওপৰত তেওঁৰ প্ৰতিক্ৰিয়া দিছে, সেইটোও প্ৰথমবাৰৰ বাবে।
শেহতীয়াকৈ, বিগ বছ ১৫-ৰ চূড়ান্ত দিনা শ্বেহনাজ গিলে ছলমান খানৰ সৈতে যথেষ্ট আনন্দ কৰিছিল। শ্বেহনাজ গিলে ছলমান খানক কেটৰিনা কাইফৰ বিয়াৰ বিষয়ে কথা পাতি জোকাইছিল। ইয়াত শ্বেহনাজে ছলমান খানক কয় যে- “মই পঞ্জাৱৰ কেটৰিনা কাইফৰ পৰা ভাৰতৰ শ্বেহনাজ গিল হৈ পৰিছোঁ, কিয়নো কেটৰিনা এতিয়া পঞ্জাৱৰ কেটৰিনা হৈ পৰিছে, কাৰণ তেওঁ বিকি কৌশলৰ সৈতে পঞ্জাৱত বিবাহপাশত আৱদ্ধ হৈছে।
শ্বেহনাজৰ কথা শুনি চলমানে কয়, ‘একদম ঠিক, এতিয়া সকলো সুখী’। এই সন্দৰ্ভত শ্বেহনাজে তেওঁক কয় যে, “ছাৰ, আপুনিও এতিয়া সুখী হোৱা উচিত।”












