![]()
মনোৰঞ্জনঃ
দীপিকা পাডুকোনে তেওঁৰ অনুৰাগীসকলক এটা ডাঙৰ দায়িত্ব প্ৰদান কৰে। অনুৰাগীসকলক অভিনেত্ৰী গৰাকীয়ে ৰূপায়ণ কৰা চৰিত্ৰসমূহৰ ভিতৰত প্ৰিয় ভূমিকাটো বাছনি কৰিবলৈ কয়। পিকু, ছপাক, বাজিৰাও মস্তানি, পদ্মাৱত, ৰামলীলা আৰু তামাছাৰ দৰে ছবিত সুন্দৰ কাম কৰা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ জনপ্ৰিয় ছবিসমূহৰ চুটি ক্লিপৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি, বহুতে তেওঁলোকৰ পচন্দৰ চৰিত্ৰটো ব্যক্ত কৰে। শ্বেতা বচ্চনে ‘পিকু’ ক ভাল লগা বুলি কমেণ্ট কৰাৰ বিপৰীতে অভিনেত্ৰীগৰাকীৰ ভগ্নী অনীশা পাডুকনে মন্তব্য কৰে, “মোৰ পচন্দ = আপুনি।”
অৱশ্যে, স্বামী ৰণবীৰ সিঙে আটাইতকৈ সঠিক উত্তৰ কমেণ্টত জনায়। স্বামী ৰণবীৰৰ মতে দীপিকাৰ ভাল লগা চৰিত্ৰটো তেওঁৰ বাবে বাছনি কৰাটো কঠিন, সেইবাবে তেওঁ “এইটো কঠিন” বুলি ৰিপ্লাই কৰে।
বলীউড অভিনেতা ৰণবীৰ সিঙে তেওঁৰ পত্নী দীপিকা পাডুকনৰ ‘গেহৰাইয়া’ ছবিখনত কৰা অভিনয়ৰ বাবে আচৰিত হৈছে। ৰণবীৰে সামাজিক মাধ্যমত তেওঁৰ পত্নীৰ প্ৰতি থকা মৰম প্ৰকাশ কৰিবলৈ লাজ নকৰে।
শকুন বাত্ৰাৰ দ্বাৰা পৰিচালিত, এমাজনৰ এই ছবিখনত দীপিকা পাডুকন, সিদ্ধান্ত চতুৰ্বেদী, অনন্যা পাণ্ডে, ধৈৰ্য্য কৰৱাৰ লগতে নাছিৰুদ্দিন শ্বাহ আৰু ৰজত কাপুৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।












