ASSAM TIMES POST
গুৱাহাটীঃ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে চুবুৰীয়া ৰাজ্যখনত পূৰ্বৰেপৰা চলি অহা জীৱ-জন্তু তথা চৰাই-চিৰিকতিৰ বলি-বিধান প্ৰথাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাইছে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ সমিতিৰ সদ্য প্ৰাক্তন সভাপতি প্ৰদ্যুত মাণিক্যই।

এক বিবৃতিত মাণিক্যই কয় যে ইয়াৰ বিৰুদ্ধে শীঘ্ৰেই তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব। ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ এইবুলি কয়, ‘উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা ধৰ্ম, সংস্কৃতি আৰু ঐতিহ্যৰ পৰিপন্থী। ইয়ে ধৰ্মীয় বিশ্বাস আৰু অনুভূতিত আঘাত হানিব।’
উল্লেখযোগ্য যে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিতেই এই ৰায় প্ৰদান কৰিছিল আৰু দেশজুৰি এই ৰায়টোক সমৰ্থন জনোৱা হৈছিল।











